১০১ বছৰত দেহাৱসান গান্ধীবাদী হেম ভঁৰালীৰ, বিভিন্নজনৰ শোক

১০১ বছৰত দেহাৱসান গান্ধীবাদী হেম ভঁৰালীৰ, বিভিন্নজনৰ শোক
Published on

১০১ বছৰত দেহাৱসান গান্ধীবাদী হেম ভঁৰালীৰ, বিভিন্নজনৰ শোক

প্ৰবীণ গান্ধীবাদী তথা বিশিষ্ট সমাজকৰ্মী হেম ভঁৰালী আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত গান্ধীবাদীগৰাকীয়ে বুধবাৰে চিৰদিনলৈ দুচকু মুদে। দেহাৱসানৰ সময়ত তেওঁৰ বয়স হৈছিল ১০১ বছৰ। প্ৰাপ্ত তথ্য অনুসৰি সমাজকৰ্মীগৰাকী বিগত কিছুমাহ ধৰি অসুস্থ হৈ আছিল। যোৱা ফেব্ৰুৱাৰীত তেওঁক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল। কালি বিয়লি ৩-১৫ বজাত গুৱাহাটীৰ উলুবাৰীৰ কস্তুৰবানগৰস্থিত নিজ বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ওৰে জীৱন সক্ৰিয়তা আৰু স-প্ৰতিভতাৰে পাৰ কৰা প্ৰবীণ গান্ধীবাদীগৰাকীৰ মৃত্যুত বিভিন্নজনে শোকপ্ৰকাশ কৰিছে। উল্লেখ্য যে ১৯১৯ৰ ১৯ ফেব্ৰুৱাৰীত ভঁৰালীৰ জন্ম হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ‘সৰ্বোদয়া’ৰ সৈতে জড়িত হৈ দেশ স্বাধীন হোৱাৰ আগৰে পৰা সমাজৰ বিশেষকৈ মহিলাসকলৰ উন্নয়নৰ অৰ্থে নিঃস্বাৰ্থ সেৱা আগবঢ়ায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com