তলাবন্ধঃ অসমত অন্তঃৰাজ্যিক ভ্ৰমণৰ ম্যাদ ৩০ এপ্ৰিললৈকে বৃদ্ধি

তলাবন্ধঃ অসমত অন্তঃৰাজ্যিক ভ্ৰমণৰ ম্যাদ ৩০ এপ্ৰিললৈকে বৃদ্ধি
Published on

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য বাহাল ৰখা দেশজুৰি বাহাল ৰখা তলাবন্ধৰ মাজতে অসমত অহা ৩০ এপ্ৰিললৈকে অন্তঃৰাজ্যিক ভ্ৰমণৰ ম্যাদ বৃদ্ধি কৰা হৈছে। অৰ্থাত্ অহা ৩০ এপ্ৰিললৈকে ৰাজ্যৰ ভিতৰতে মানুহে চলা-ফুৰা কৰিব পাৰিব। এই কথা প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে পূৰ্বে অসম চৰকাৰে ২৫ পৰা ২৭ এপ্ৰিললৈ অন্তঃৰাজ্যিক ভ্ৰমণৰ সুবিধা মুকলি কৰিছিল। সম্প্ৰতি ইয়াৰ ম্যাদ বৃদ্ধি কৰিছে। ইয়াৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হেজাৰ হেজাৰ লোক ঘৰমুৱা হৈছে। বৰ্তমানলৈ কমেও ১৭ হেজাৰ লোকে নিজ নিজ ঘৰত উপস্থিত হৈছে। ইপিনে, বিত্তমন্ত্ৰী শৰ্মাই পেয়িং গেষ্টত থকা ছাত্ৰ-ছাত্ৰীক এপ্ৰিল মাহত ভাড়া ৫০শতাংশ ৰেহাই দিবলৈ পেয়িং গেষ্টৰ গৰাকীসকলৰ প্ৰতি অনুৰোধ জনাইছে। তদুপৰি ব্যক্তিগত খণ্ডৰ চাকৰিয়াল থাকিলে তেনে চাকৰিয়ালক ঘৰ ভাড়া ৰেহাই দিবলৈও মন্ত্ৰীজনে ভাড়াঘৰৰ মালিকসকলৰ প্ৰতি অনুৰোধ জনাইছে। আনহাতে, অলপতে অসম চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ভেট পাঁচ টকা বৃদ্ধি কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com