অসমৰ হস্তী বনাঞ্চলত কয়লা খননত সন্মতি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ, প্ৰতিক্ৰিয়া

 অসমৰ হস্তী বনাঞ্চলত কয়লা খননত সন্মতি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ, প্ৰতিক্ৰিয়া
Published on

অসমৰ হস্তী বনাঞ্চলত কয়লা খননত সন্মতি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ, প্ৰতিক্ৰিয়া

ক’ৱিড-১৯মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য সমগ্ৰ দেশত তলাবন্ধ (লক-ডাউন)বলবৎ ৰখাৰ সময়তে অসমৰ এখন হস্তী বনাঞ্চলৰ এটা অংশত কয়লা খননৰ সন্মতি দিছে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ড(এন বি ডব্লিউ এল)-এ ৷ প্ৰাপ্ত তথ্য অনুসৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতি (ষ্টেণ্ডিং কমিটী)য়ে ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ এই প্ৰস্তাৱিত বনাঞ্চল দিহিং-পাটকাই সংৰক্ষিত হস্তী বনাঞ্চলৰ অন্তৰ্গত ৷ দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে ডিব্ৰুগড়, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ বহু বনাঞ্চল দিহিং-পাটকাই সংৰক্ষিত হস্তী বনাঞ্চলৰ অন্তৰ্গত ৷ যোৱা সাত এপ্ৰিলত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ ষ্টেণ্ডিং সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯হেক্টৰ ভূমিত কয়লা খননৰ বাবে ব্যৱহাৰত সন্মতি প্ৰদান কৰা হয় ৷ এই কয়লা খনন ভাৰতীয় কয়লা প্ৰাধিকৰণৰ অধীনৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অধীনত কৰা হ’ব বুলি এক সূত্ৰই জনায় ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ড হৈছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ সংস্থা ৷

কেনেদৰে সন্মতি দিয়া হ’ল এই কয়লা খননৰ

প্ৰাপ্ত তথ্য অনুসৰি ২০১৯ৰ জুলাইত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডে এখন সমিতি গঠন কৰে ৷ সমিতিখনত ব’ৰ্ডৰ সদস্য আৰ সুকুমাৰ আৰু অসমৰ বন্যপ্ৰাণী ৱাৰ্ডেনকো ৰখা হয় ৷ পাছত চলিত বৰ্ষৰ সাত এপ্ৰিলত অনুষ্ঠিত এই সমিতৰ বৈঠকৰ অন্তত ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ সন্মতি প্ৰদান কৰা হয় ৷ এই সম্পৰ্কত এন বি ডব্লিউৰ সদস্য সুকুমাৰে উল্লেখ কৰে যে ছালেকী সংৰক্ষিত বনাঞ্চলৰ ৫৭. ২০হেক্টৰ পাহাৰীয়া ভূমি ইতিমধ্যে কয়লা খননৰ সৈতে জড়িত সংস্থাই ভাঙিছে। তদুপৰি ৪১.৩৯ হেক্টৰ ভূমি ভাঙি থকা হৈছে ৷ এই ক্ষেত্ৰত সাৱধানতাৰে আগবঢ়াৰ পোষকতা কৰে তেওঁ ৷ কিন্তু বৈঠকত ছালেকী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ সন্মতি দিয়া হয় ৷

পৰিৱেশ কৰ্মীৰ তীব্ৰ প্ৰতিক্ৰিয়াঃ

ছালেকী সংৰক্ষিত বনাঞ্চলৰ ভূমিত কয়লা খননৰ সন্মতি প্ৰদানক লৈ একাংশ পৰিৱেশ কৰ্মীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ একাংশ পৰিৱেশ কৰ্মীয়ে অভিযোগ কৰা অনুসৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে স্থানীয়(ৰাজ্যিক) বন আৰু বন্যপ্ৰাণী আইন উলংঘা কৰি ছালেকী সংৰক্ষিত বনাঞ্চলত কয়লা খননত সন্মতি প্ৰদান কৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com