কেৱল চলচ্চিত্ৰতে নহয় বাস্তৱ জীৱনতো প্ৰকৃত নায়ক বলীউডৰ এইজন ছুপাৰষ্টাৰ

কেৱল চলচ্চিত্ৰতে নহয় বাস্তৱ জীৱনতো প্ৰকৃত নায়ক বলীউডৰ এইজন ছুপাৰষ্টাৰ
Published on

কেৱল চলচ্চিত্ৰতে নহয় বাস্তৱ জীৱনতো প্ৰকৃত নায়ক বলীউডৰ এইজন ছুপাৰষ্টাৰ ৷ সাম্প্ৰতিক অসমৰ সমগ্ৰ বান পৰিস্থিতিয়ে চুই গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম ৷ বানাক্ৰান্ত লোকসকলৰ দুখ দুৰ্দশাই চুই গৈছে হৃদয়বান প্ৰতিজন লোকৰ অন্তৰ ৷ যাৰ কাৰণে সম্প্ৰতি বানাক্ৰান্ত লোকসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি গৈছে বহুতো ৷সেই সময়তে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে প্ৰতিপন্ন কৰিলে যে কেৱল ছবিত হিৰো অৰ্থাৎ নায়ক হ’লেই নহ’ব ৷ বাস্তৱ জীৱনতো নায়ক হৈ দেখুৱাব লাগিব ৷

অসমৰ বান পৰিস্থিতিৰ আলোকচিত্ৰ সম্প্ৰতি ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ৷ সকলোৱে বান পৰিস্থিতিত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সম্বন্ধীয় চিহ্ন দিছে ৷তথা বানাক্ৰান্তসকললৈ সহানুভূতি শীৰ্ষক বাৰ্তা প্ৰেৰণ কৰিছে ৷ কিন্তু সেই সময়তে বলীউডৰ অভিনেতা অক্ষয় কুমাৰ মন্তব্য যে ছ’চিয়েল মিডিয়াত কেৱল সহানুভূতি শীৰ্ষক বাৰ্তা আৰু বিভিন্ন চিহ্ন ব্যৱহাৰ নকৰি সহায় কৰক ৷ আপুনি ১ টকা,২৫,০০০,২৫,০০০০০ যি পাৰে,সামৰ্থ্য অনুযায়ী সহায় কৰক ৷

দৰাচলতে অক্ষয় কুমাৰৰ চৰ্চিত ছবি মিশ্যন মংগলৰ প্ৰমোশ্যনত অভিনেতাগৰাকীক অসমৰ বানৰ প্ৰসংগত প্ৰশ্ন কৰে সাংবাদিক এগৰাকেয়ে ৷ লগতে মুখ্যমন্ত্ৰী পুঁজিলৈ টকা দিয়া কথাৰ বিষয়ে উত্থাপন কৰে ৷তেনে সময়তে অক্ষয় কুমাৰ কয় যে মোৰ ওচৰত বহুত পইচা আছে ৷মই বিগত সময়ত অসমৰ বানে প্ৰভাৱিত কৰা এগৰাকী মহিলাক কোলাত এটি শিশু লৈ পানীত দেখিছিলো। এই প্ৰতিচ্ছবিয়ে মোৰ হৃদয় চুই গ’ল ৷ কাৰণ তেনে ধৰণৰ পৰিস্থিতি সকলোৰে হ’ব পাৰে। এই পৰিস্থিতিৰ সন্মুখীন মোৰ পত্নী আৰু মোৰ জীয়ৰীও হ’ব পাৰে ৷ কাইলৈ আপোনাৰো হ’ব পাৰে ৷

গতিকে ছ’চিয়েল মিডিয়াত যিকোনো সহানুভূতি শীৰ্ষক বাৰ্তা দিয়া বন্ধ কৰি কিবা এটা দি সহায় কৰক। আনহাতে অসমৰ বানাক্ৰান্তসকলক লৈ কৰা এই মন্তব্যৰ পিছত অনুৰাগীসকলৰ মাজত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সকলোৱে অক্ষয় কুমাৰৰ এই মহানতাৰ শলাগ লৈছে ৷

ইফালে অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।ৰাজ্যৰ ৩৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে বানপানীৰ ফলত । ৰাজ্যৰ চৌদিশে কেৱল বানৰ তাণ্ডব ।বানাক্ৰান্ত সকলক উদ্ধাৰ কৰিবলৈ বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াই । সমান্তৰালকৈ বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ২ কোটি প্ৰদান কৰিছে ।

অক্ষয় কুমাৰ বিশ্বৰ সৰ্বোচ্চ পেইড চেলিব্ৰেটিৰ ফৰ্বচৰ তালিকাৰ অন্যতম । অক্ষয় কুমাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰা হৈছে । ইয়াৰ সম্পৰ্কে অক্ষয় কুমাৰে টুইটাৰত যোগে প্ৰকাশ কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com