ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস: ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণ

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস: ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণ

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস। ওদালগুৰি জিলাত বন্যহস্তীৰ জাকে আক্ৰমণ কৰে। বন্যহস্তীৰ সন্ত্ৰাসে সীমান্ত অঞ্চলত নিদ্ৰাহৰণ কৰিছে ৰাইজৰ । খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি আহি সন্ত্ৰাসৰ সৃষ্টি কৰে। বুধবাৰে বন্যহস্তীৰ আক্ৰমণত ওদালগুৰি জিলাত পেনেৰি আৰক্ষী থানাৰ অন্তৰ্গত চাগলিঝাৰত গালৰ ৱাৰি নামৰ লোক এজন নিহত হয়। নিহত ব্যক্তি জন ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত ওকমাতি ব্ৰহ্মা গাঁওৰ আছিল । পৰিয়ালৰ লোকৰ ঘৰলৈ ফুৰিবলৈ আহোঁতে বন্যহস্তীৰ আক্ৰমণত নিহত হয় ব্যক্তি জন।

মংগলবাৰে নিশা ওদালগুৰি জিলাত বন্যহস্তীয়ে আক্ৰমণ কৰি কৃষ্ণা মন্দিৰ আৰু ডিমাকুচী অঞ্চলৰ হৰি মন্দিৰত ক্ষতি সাধন কৰি। মন্দিৰ কেইটা ক্ষতিগ্ৰস্থ কৰাৰ লগতে, ১২ টাতকৈও অধিক হাতীয়ে আশিতা ডেকা, পূৰ্ন কলিতা আৰু তিলক নেপালীৰ বাসগৃহ ক্ষতিগ্ৰস্থ কৰে । মংগলবাৰ বন্যহস্তীৰ আক্ৰমণত কোনো লোক আহত অথবা নিহত হোৱা নাই।

শেহতীয়াকৈ বহু বছৰ ধৰি গোলাঘাট জিলাত ক্ৰমাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলিগড় আৰু মৰাঙগি অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত।খাদ্যৰ সন্ধানৰ লগতে , অৰন্য হ্ৰাস পোৱাৰ লগতে আন বিভিন্ন কাৰনত বন্যহস্তীয়ে জনবসতি পূৰ্ন অঞ্চললৈ নামি অহা পৰিলক্ষিত হয় ।নামবৰ অভয়াৰণ্যৰ থুৰামুখত বিভিন্ন সময়ত খাদ্যৰ সন্ধানত নিশা বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই । নামবৰ অভয়াৰণ্য কাষৰ অঞ্চলৰ লগতে ৪ নং ৰংবং , মোৰফুলনি আৰু বগীজান আদি অঞ্চল সমূহত সঘনে বন্যহস্তীৰ জাকে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, খেতি কৰাৰ সময়ত , বিশেষকৈ অক্টোবৰ পৰা জানুৱাৰীৰ ভিতৰত বন্যহস্তীয়ে খেতি পথাৰত খেতি নষ্ট কৰাতো এটা বৃহৎ সমস্যালৈ পৰিগণিত হৈছে ।

প্ৰত্যেক বছৰে বন্যহস্তীৰ জাকে খেতি নষ্ট কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ ফলত খেতিয়ক সকলে মুৰে কপালে হাত দিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এতিয়া খেতিয়ক সকলক খেতি পথাৰত ব্যস্ত । কিন্তু এতিয়াৰে পৰা বন্যহস্তীৰ সন্ত্ৰাসে চিন্তিত কৰি তুলিছে খেতিয়ক সকলক ।বন সুৰক্ষা কৰ্মীৰ মতে , হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে ক্ৰমাৎ হ্ৰাস পোৱা বনাঞ্চল। নামবৰ – দৈগ্ৰোঙ সংৰক্ষিত বনাঞ্চলত অৰন্য হ্ৰাস হৈ পৰাৰ ফলত হাতী- মানুহৰ সংঘাত বৃদ্ধি পাইছে। মানুহেই বন ধ্বংস যজ্ঞত নামি পৰিছে । তাৰ ফলতে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে । আন এটা কাৰণ হৈছে বন্যহস্তীৰ কৰিডৰ সমূহ বন্ধ হৈ পৰিছে । গোলাঘাট – কাৰ্বি আংলং জিলাৰ সীমান্ত পাহাৰত শিল- ক্ৰেচাৰ বহুৱাৰ বাবে বন্যহস্তীৰ কৰিডৰ সমূহ বন্ধ হৈ পৰিছে । তাৰ পৰিপ্ৰেক্ষিতত বন্যহস্তীৰ জাক খাদ্য-পানীৰ সন্ধানত তললৈ নামি আহে আৰু খেতি পথাৰ বিনষ্ট কৰাৰ লগতে বহু লোকৰ ঘৰ-বাৰী ধ্বংস কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com