ওদালগুৰি জিলাত বন্য হস্তীৰ আক্ৰমণত এজন নিহত

ওদালগুৰি জিলাত বন্য হস্তীৰ আক্ৰমণত এজন নিহত
Published on

ওদালগুৰি জিলাত বন্য হস্তীৰ আক্ৰমণত এজন নিহত ৷ সাম্প্ৰতিক সময়ত হাতী মানুহৰ সংঘাতে ত্ৰাসৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত ৷ শনিবাৰে পুৱা ওদালগুৰি জিলাৰ ৰাওটা আৰক্ষী থানাৰ অন্তৰ্গত তাৰাজুলিত ২০ বছৰীয়া শ্যাম নিৰলা নামৰ এজন যুৱকক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু বৰণ কৰে ৷

এক বিশেষ সূত্ৰ অনুসৰি ইন্দো ভূটানৰ পাহাৰৰ পৰা অহা বন্য হস্তীয়ে সেই অঞ্চলত আতংকৰ সৃষ্টি কৰে। যাৰ ফলত স্থানীয় গাঁৱবাসীয়ে নিশা উজাগৰে কটাব লগা হৈছে ৷এই সন্দৰ্ভত উদালগুৰিৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ সোনাৰে কয় যে আমি অনুভৱেই নকৰো যে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যে আমাৰ এটা বন বিভাগ আছে।

দিমাকুচিৰ প্ৰেম বাহাদূৰ গৌতম নামৰ এজন যুৱকে কয় যে চৰকাৰে হাতী মানুহৰ সংঘাত সীমিত কৰিবৰ কাৰণে কেতিয়া এটা নীতি তৈয়াৰ কৰিব? উল্লেখ্য চৰকাৰী তথ্যৰ মতে চলিত বৰ্ষত হাতী মানুহৰ সংঘাতৰ ফলত ছটা হাতী আৰু ২২ জন লোকৰ মৃত্যু হৈছে ৷গতিকে চৰকাৰে হাতী মানুহৰ সংঘৰ্ষক সীমিত কৰিবৰ কাৰণে কেতিয়া এটা স্থায়ী সিদ্ধান্ত ল’ব সেয়াহে অতি গুৰুত্ব পূৰ্ণ কথা ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Dilapidated Road Conditions under Borsola Constituency in Sonitpur

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com